Show/Hide Keyboard Layout

সোণৰ কাঠীৰ পৰশ

- ভূপেন হাজৰিকা

সোণৰ কাঠীৰ পৰশ পোৱা

আলফুলীয়া হাতেৰে

কোনেনো ধূলিক সাবটি লয় ?

এটি ঘৰৰ দুটি মানুহ

দুটি জীৱনৰ কথা শুনা

এজুপি লতাৰ দুটি কলি

এটি যে নিয়ৰত থাকে উমলি

আনটিয়ে নিয়ৰৰ টোপাল নাপাই

মাথোঁ খায় হাবাথুৰি ।

 

এটি জীৱনত নিতৌ হৰষ

কোনোবাই সানি দিয়ে সোণৰ পৰশ

আনটিৰ জীৱনৰ আজিৰ সমল

মাথোঁ দুখৰে দিন গণা ।

 

এটি জীৱনৰ চকৰি ঘূৰে

(তাত) চিক্‌মিক জেউতিৰ ৰহণ চৰে

আনটিৰ আশা ধূলিত বাগৰে

নাই তাত পোহৰৰ এটিও কণা ।

 

এটিয়ে সৰগক হাততে পায়

আনি দিব ওভোতাই কোনে বা আজি

আনটিৰ জীৱনে হেৰুওৱা হাঁহি

সুন্দৰ সৰগৰ মধুৰকণা ।

Hits: 2268